উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰকসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত চিজেপিৰ মুখপাত্ৰ সৌৰভ দাসৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এখন জনস্বাৰ্থ জড়িত আবেদন। ঘটনাৰ গুৰুত্ব বিবেচনা কৰি মুখ্য ন্যায়াধীশ সুশ্ৰুত অৰবিন্দ ধৰ্মাধিকাৰী আৰু ন্যায়াধীশ জি অৰুল মুৰুগানৰ খণ্ডপীঠে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, এক্স আৰু ইনষ্টাগ্ৰাম কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে। এই জাননীৰ উত্তৰ দিবলৈ সকলো পক্ষকে ছয় সপ্তাহৰ সময়সীমা বান্ধি দিছে আদালতে।
কাঞ্চীপুৰমৰ ব্যৱসায়ী আৰ গণেশ কুমাৰে দাখিল কৰা এই আবেদনখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা সৌৰভ দাস আৰু তেওঁৰ পৰিয়ালৰ পটভূমিৰ বিস্তৃত তদন্তৰ নিৰ্দেশ দিয়াৰ বাবে আদালতক অনুৰোধ জনোৱা হৈছে। আবেদনকাৰীয়ে লগতে সৌৰভ দাসৰ পাছপ’ৰ্ট আৰু আধাৰ কাৰ্ড বাতিলৰ দাবী জনোৱাৰ সমান্তৰালভাৱে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহ বন্ধ কৰিবলৈ তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ক নিৰ্দেশ দিবলৈও আদালতক আহ্বান জনায়।
আবেদনখনত অভিযোগ কৰা হৈছে যে সৌৰভ দাস, অভিজিৎ দীপকে আৰু নেহা বোৰাৰ মাজৰ যোগসূত্ৰ আৰু কাৰ্যকলাপৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন। এগৰাকীয়ে নিজকে মুক্ত আইনী সাংবাদিক বুলি দাবী কৰাৰ বিপৰীতে আন এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কমিউনিষ্ট নেতা আৰু আন এগৰাকী আমেৰিকাৰ পৰা উভতি অহা ব্যক্তি হোৱাৰ পিছতো এওঁলোকে কি উদ্দেশ্যেৰে একত্ৰিত হৈছে, সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে আবেদনকাৰীয়ে।
আবেদনকাৰী গণেশ কুমাৰে আদালতৰ মজিয়াত দাবী কৰে, “সৌৰভ দাসৰ বংশবৃক্ষ নেপালৰ সৈতে জড়িত। এই বিষয়ে তদন্ত হ’ব লাগে। যদি এই তথ্য সত্য হয়, তেন্তে চৰকাৰ আৰু দেশৰ ন্যায়পালিকা সন্দৰ্ভত পাঠ শিকোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই।”
ইয়াৰ উপৰিও সৌৰভ দাসে দেশৰ মুখ্য ন্যায়াধীশসহ ন্যায়পালিকাক সামাজিক মাধ্যমত বদনাম কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰাৰো দাবী তোলা হৈছে। আবেদনকাৰীয়ে উল্লেখ কৰা মতে, শাসকীয় ব্যৱস্থাৰ বিৰুদ্ধে বিশৃংখলতা, নৈৰাজ্য আৰু ঘৃণা বিয়পাবলৈহে দাসে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছে। শুকুৰবাৰে আদালতৰ খণ্ডপীঠে এই আবেদনখন বিবেচনাৰ বাবে গ্ৰহণ কৰি সকলো সংশ্লিষ্ট পক্ষলৈ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ জাৰি কৰে।








