Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিমানবন্দৰত দলৰ প্ৰতিষ্ঠাপকসহ তিনি নেতাক আটক; যন্তৰ মন্তৰত চিজেপিৰ প্ৰতিবাদৰ নেতৃত্ব দিব আজিংক্য শিণ্ডেই

Table of Content

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাজধানীত প্ৰতিবাদৰ পূৰ্বেই সৃষ্টি এক উত্তপ্ত পৰিস্থিতিৰ। যন্তৰ মন্তৰত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ অহা ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক দিল্লী বিমানবন্দৰত আটক কৰে দিল্লী আৰক্ষীয়ে। দলৰ শীৰ্ষ নেতৃত্বৰ এই আটকাধীন অৱস্থাৰ মাজতেই শনিবাৰে দলটোৰ সাংগঠনিক সম্পাদক অজিংক্য শিণ্ডেক এই প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ দায়িত্ব অৰ্পণ কৰে চিজেপিয়ে।

শীৰ্ষ নেতৃত্বৰ আটকৰ পাছতেই দলটোৱে অভিজিৎ দীপকেৰ এক পূৰ্ব-ৰেকৰ্ড কৰা ভিডিঅ’ বাৰ্তা ৰাজহুৱা কৰে। গ্ৰেপ্তাৰৰ আশংকা কৰি শুকুৰবাৰে নিশাই প্ৰস্তুত কৰা এই ভিডিঅ’টোত দীপকেই স্পষ্ট কৰিছিল যে যেতিয়ালৈকে তেওঁলোক তিনিজন আৰক্ষীৰ জিম্মাত থাকিব, তেতিয়ালৈকে যন্তৰ মন্তৰৰ এই প্ৰতিবাদী সমাৱেশৰ নেতৃত্ব দিব অজিংক্য শিণ্ডেই। দিল্লীলৈ অহাৰ সময়ত গ্ৰেপ্তাৰ হ’বলৈ সাজু বুলি উল্লেখ কৰি দীপকেই অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নিৰাপত্তাৰ অজুহাত দেখুৱাই জনসাধাৰণক এই প্ৰতিবাদত অংশ লোৱাত বাধা প্ৰদান কৰিছে।

ইফালে, প্ৰতিবাদ প্ৰতিহত কৰিবলৈ সমগ্ৰ ৰাজধানী চহৰজুৰি নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কটকটীয়া কৰি তুলিছে প্ৰশাসনে। আইন-শৃংখলাজনিত কাৰণ আৰু নাগৰিকৰ অসুবিধাৰ কথা উল্লেখ কৰি দিল্লী আৰক্ষীয়ে এই সমাৱেশৰ কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাছিল। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি যন্তৰ মন্তৰত যিকোনো প্ৰতিবাদৰ বাবে কমেও ১০ দিন পূৰ্বে আবেদন কৰিব লাগে, কিন্তু চিজেপিয়ে নীতি নিয়ম মানি চলা নাছিল বুলি দাবী কৰে আৰক্ষীয়ে। ইয়াৰ উপৰিও পূৰ্বৰ আন্দোলনত নিৰ্ধাৰিত সময়ৰ বাহিৰেও কাৰ্যসূচী চলাই আইন ভংগ কৰাৰ নজিৰো উল্লেখ কৰে আৰক্ষী প্ৰশাসনে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত দিল্লী আৰক্ষী আইনৰ ৬৫ নং ধাৰাৰ অধীনত প্ৰায় ১৫০০ লোকক আটক কৰিছে আৰক্ষীয়ে। পুৱা ৬ বজাৰ পৰাই বলৱৎ হয় কঠোৰ যান-বাহন চলাচলৰ বাধা-নিষেধ। কনট প্লেচ, মাণ্ডী হাউচ, পেটেল চক, যন্তৰ মন্তৰ, জয় সিং ৰোড আদিকে ধৰি মধ্য দিল্লীৰ গুৰুত্বপূৰ্ণ চাৰিআলি আৰু ৰাজপথসমূহত বেৰিকেড বহুৱাই যান-বাহনৰ চলাচল সীমিত কৰা হৈছে। প্ৰতিবাদস্থলীত যাতে কোনো অনাকাংক্ষিত সমাৱেশ হ’ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ প্ৰধান পথসমূহত চলিছে আৰক্ষীৰ তীব্ৰ নজৰদাৰী।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us