Trending:
/ Oct 03, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পিএমঅ’ৰ ভুৱা বিষয়াৰূপে নবান্নত মন্ত্ৰীৰ সৈতে বৈঠক; দিল্লীৰ পৰা মহিলাক গ্ৰেপ্তাৰ হাওৰা আৰক্ষীৰ

Table of Content

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াৰ ভুৱা পৰিচয় দি পশ্চিম বংগৰ ৰাজ্যিক সচিবালয় ‘নবান্ন’ত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যৰ এজন মন্ত্ৰীক সাক্ষাৎ কৰা এক ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এই কাণ্ডৰ মূল অভিযুক্ত ড০ আকাংক্ষা বিদ্যাৰ্থী নামৰ এগৰাকী মহিলাক হাওৰা আৰক্ষীয়ে নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে।

তথ্য অনুসৰি, অভিযুক্ত মহিলাগৰাকীয়ে লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী অজয় পোদ্দাৰক সাক্ষাৎ কৰাৰ বাবে বিভাগটোলৈ এক ই-মেইল প্ৰেৰণ কৰিছিল। উক্ত ই-মেইলত তেওঁ নিজকে কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ ঘনিষ্ঠ সহযোগী তথা পিএমঅ’ৰ শীৰ্ষ বিষয়া হিচাপে পৰিচয় দাঙি ধৰিছিল। এই পৰিচয়ৰ ভিত্তিত তেওঁ এই সপ্তাহৰ আৰম্ভণিতে নবান্নত মন্ত্ৰী অজয় পোদ্দাৰৰ সৈতে এক বৈঠকত মিলিত হয় আৰু মন্ত্ৰীগৰাকীৰ সৈতে ফটোও তোলে।

সাক্ষাৎকালত মহিলাগৰাকীৰ অসঙ্গতিপূৰ্ণ আৰু অপ্ৰাসংগিক কথা-বতৰাত মন্ত্ৰী অজয় পোদ্দাৰৰ সন্দেহ ওপজে। বৈঠকৰ পিছতেই মন্ত্ৰীৰ কাৰ্যালয়ে তেওঁৰ পৰিচয় আৰু তথ্যসমূহ পৰীক্ষা কৰাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নথকাৰ কথা স্পষ্ট হৈ পৰে। ইয়াৰ পিছতেই মন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা আৰক্ষীৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰা হয়।

অভিযোগৰ ভিত্তিত হাওৰাৰ শিৱপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৩১৯(২), ২০৪ আৰু ৩৪০(২) ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হয়। গোচৰ ৰুজু হোৱাৰ পূৰ্বেই অভিযুক্ত আকাংক্ষা বিদ্যাৰ্থীয়ে বিমানযোগে কলকাতাৰ পৰা নতুন দিল্লীলৈ পলায়ন কৰে। পৰৱৰ্তী সময়ত হাওৰা আৰক্ষীৰ এটা দল নতুন দিল্লীত উপস্থিত হৈ বৃহস্পতিবাৰে মধ্য দিল্লীত থকা তেওঁৰ বাসগৃহৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰু ট্ৰেনজিট ৰিমাণ্ডত হাওৰালৈ লৈ আহে।

ৰাজ্যখনৰ সৰ্বোচ্চ নিৰাপত্তা বেষ্টনীৰে আবৃত্ত নবান্নত ভুৱা পৰিচয়েৰে প্ৰৱেশ কৰা এই ঘটনাই প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। মহিলাগৰাকীয়ে ইয়াৰ পূৰ্বেও আন কোনো ৰাজ্যত বা কোনো উচ্চপদস্থ বিষয়াৰ সৈতে এনে প্ৰৱঞ্চনা কৰিছিল নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us