Trending:
/ Oct 02, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে প্ৰতিবাদৰ আহ্বান; দিল্লীৰ ১২টা মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থান অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা

Table of Content

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত পক্ষপাতিত্বমূলক অভিযোগক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ দেশৰ ৰাজনীতি। এনে পৰিপ্ৰেক্ষিতত দিল্লীৰ যন্তৰ-মন্তৰত অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন (আইছা), ৰাজ্যসভাৰ সাংসদ মনোজ ঝা আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে আহ্বান জনায় এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ। গান্ধী জয়ন্তীৰ দিনটোতে পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত গঢ়ি তোলা হৈছে অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা। সম্ভাব্য উত্তেজনালৈ লক্ষ্য ৰাখি নতুন দিল্লীৰ গুৰুত্বপূৰ্ণ ১২টাকৈ মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থান অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিছে দিল্লী মেট্ৰ’ ৰে’ল নিগমে।

দিল্লী আৰক্ষীয়ে যন্তৰ-মন্তৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিবাদী সমাৱেশৰ অনুমতি প্ৰদান কৰা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰায় তিনিৰ পৰা চাৰি হাজাৰ প্ৰতিবাদকাৰী এই সমাৱেশত অংশ লোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আইন-শৃংখলা অটুট ৰাখিবলৈ নতুন দিল্লী প্ৰদেশৰ লগতে যন্তৰ-মন্তৰৰ চৌদিশে দিল্লী আৰক্ষীৰ উপৰিও বৃহৎ সংখ্যক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। প্ৰতিবাদকাৰীৰ অনাকাংক্ষিত সমাগম ৰোধ কৰিবলৈ বিভিন্ন স্থানত লগোৱা হৈছে বেৰিকেড।

নিৰাপত্তাৰ খাতিৰত জনপথ, পেটেল চক, কেন্দ্ৰীয় সচিবালয়, ৰাজীৱ চক, সেৱা তীৰ্থ, মাণ্ডী হাউচ, লোক কল্যাণ মাৰ্গ, আইএনএ, চাউৰী বজাৰ, ৰামাকৃষ্ণ আশ্ৰম মাৰ্গ, নতুন দিল্লী আৰু বাৰাখাম্বা মেট্ৰ’ ষ্টেচনত যাত্ৰীৰ প্ৰৱেশ আৰু প্ৰস্থান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ্থে ৰাজীৱ চক, মাণ্ডী হাউচ, নতুন দিল্লী আৰু কেন্দ্ৰীয় সচিবালয় ষ্টেচনত ইণ্টাৰচেঞ্জ (লাইন সলনি কৰাৰ) সুবিধা পূৰ্বৰ দৰেই বাহাল থাকিব বুলি প্ৰশাসনে স্পষ্ট কৰিছে।

উল্লেখ্য যে, ভোটাৰ তালিকা প্ৰস্তুতকৰণ, বিশেষ নিবিড় সংশোধনী প্ৰক্ৰিয়া আৰু নিৰ্বাচন পৰিচালনাত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰি আয়োজকসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ তথা মহাভিযোগৰ দাবী জনাইছে। সংবিধান প্ৰদত্ত নাগৰিকৰ ভোটাধিকাৰ ৰক্ষাৰ দাবীত বিৰোধী দল, ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজে দিল্লীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে এই তীব্ৰ নিৰাপত্তা ব্যৱস্থাই ৰাজধানী চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us