Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জন্মৰ পূৰ্বেই দশম শ্ৰেণী উত্তীৰ্ণ বিজেপি প্ৰাৰ্থী! শপতনামাত ভুৱা তথ্যৰ অভিযোগ তুলি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ

Table of Content

নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী এগৰাকীয়ে জন্মলাভ কৰাৰ পূৰ্বেই উত্তীৰ্ণ হ’ল দশম শ্ৰেণীৰ পৰীক্ষা! উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ শপতনামাত প্ৰকাশ পোৱা এনে এক অদ্ভুত আৰু বিসংগতিপূৰ্ণ তথ্যক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হাছিৰাণী ৰথৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ ভুৱা তথ্যক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতা ঋজু ঘোষালে বুধবাৰে কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

আদালতত দাখিল কৰা আবেদন অনুসৰি, বিজেপি প্ৰাৰ্থীগৰাকীয়ে নিজৰ শপতনামাত জন্মৰ বৰ্ষ হিচাপে ১৯৬৬ চন উল্লেখ কৰিছে। অথচ একেখন শপতনামাতে তেওঁ ১৯৬৫ চনতেই দশম শ্ৰেণী উত্তীৰ্ণ হোৱা বুলি দাবী কৰে। জন্ম হোৱাৰ এবছৰ পূৰ্বেই এগৰাকী প্ৰাৰ্থী কেনেকৈ মেট্ৰিক উত্তীৰ্ণ হ’ব পাৰে বুলি আবেদনকাৰীয়ে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। কেৱল সিমানেই নহয়, প্ৰাৰ্থীগৰাকীয়ে যিখন গংগা পদ্ম মিলন কন্যা বিদ্যাপীঠৰ পৰা মেট্ৰিক উত্তীৰ্ণ হোৱা বুলি দাবী কৰিছে, সেই বিদ্যালয়খন স্থাপন হৈছিল ১৯৬৩ চনত। সেই সময়ত উক্ত বিদ্যালয়ত কেৱল পঞ্চম শ্ৰেণীলৈকেহে পঢ়ুওৱাৰ ব্যৱস্থা আছিল আৰু পৰৱৰ্তী সময়ত ১৯৭৩ চনতহে বিদ্যালয়খনে চৰকাৰীভাৱে দশম শ্ৰেণীলৈকে পাঠদানৰ স্বীকৃতি লাভ কৰিছিল।

অহা ৬ অক্টোবৰত নন্দীগ্ৰামত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা। এনে সন্ধিক্ষণত ভোটাৰক বিপথে পৰিচালিত কৰি শপতনামাত অসত্য আৰু ভুৱা নথি দাখিল কৰাৰ অপৰাধত বিজেপি প্ৰাৰ্থী হাছিৰাণী ৰথৰ মনোনয়ন পত্ৰ শীঘ্ৰে খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ওচৰত দাবী জনায় কংগ্ৰেছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগেই সমষ্টিটোৰ নিৰ্বাচনী প্ৰেক্ষাপটত বিৰোধী শিবিৰে বিষয়টোক লৈ বিজেপিৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us