Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱা শোভাযাত্ৰাৰ উচ্চস্বৰৰ ডিজেৰ প্ৰকোপ; শ্ৰেণীকোঠাতে হৃদক্ৰিয়া বন্ধ হৈ ছাত্ৰীৰ কৰুণ মৃত্যু

Table of Content

পথেৰে পাৰ হৈ যোৱা কোনো শোভাযাত্ৰাত বজোৱা উচ্চস্বৰৰ ডিজেই কাল হ’ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীৰ। ডিজেৰ প্ৰচণ্ড শব্দ আৰু কম্পনত বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় কণমানিজনীয়ে। উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাস্থিত ডিভাইন পাব্লিক স্কুলত সংঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ১১ বজাত বিদ্যালয়খনৰ প্ৰথম মহলাত নিয়মীয়া পাঠদান চলি আছিল। ঠিক সেই সময়তে বিদ্যালয়ৰ বাহিৰৰ পথটোৰে গণেশ মূৰ্তি বিসৰ্জনৰ এটা শোভাযাত্ৰা পাৰ হৈ যায়। শোভাযাত্ৰাত অতীব উচ্চস্বৰত ডিজে বজাই লৈ যোৱাৰ ফলত বিদ্যালয়ৰ খিৰিকীৰ কাচসমূহো কঁপিবলৈ ধৰে। ছাত্ৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে, চৰম মাত্ৰাৰ শব্দ আৰু কম্পন সহ্য কৰিব নোৱাৰি সোনু তিৱাৰী ওৰফে জিতু নামৰ ব্যক্তিজনৰ কন্যাগৰাকী হঠাৎ অসুস্থ হৈ পৰে। তিনিবাৰকৈ হৃদৰোগৰ লক্ষণ দেখা দিয়াৰ পাছত তাইৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু শ্ৰেণীকোঠাতে অচেতন হৈ পৰে।

বিদ্যালয়ৰ শিক্ষক ইকৰা খান আৰু পম্মি মিশ্ৰাই জনোৱা মতে, ডিজেৰ শব্দত কিছু ছাত্ৰ-ছাত্ৰী খিৰিকীৰ ফালে যায় আৰু একাংশই আনন্দত নাচিবলৈ ধৰে। কিন্তু ঠিক সেই সময়তে কণমানি ছাত্ৰীজনী চৰম যন্ত্ৰণাত ছটফটাবলৈ ধৰা প্ৰত্যক্ষ কৰে শিক্ষয়িত্ৰীসকলে। তাৎক্ষণিকভাৱে তাইক মহলাৰ পৰা নমাই হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তাইক মৃত ঘোষণা কৰে। বিদ্যালয়ৰ তিনি মিনিট দুই ছেকেণ্ডৰ চিচিটিভি ফুটেজতো এই কৰুণ দৃশ্য বন্দী হৈ থকা বুলি প্ৰতিষ্ঠানখনৰ প্ৰবন্ধক আশীষ উপাধ্যায়ে নিশ্চিত কৰে।

ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মহানগৰ চক্ৰ বিষয়া অভিষেক সিঙে কয় যে কেৱল ডিজেৰ শব্দৰ বাবেই ছাত্ৰীগৰাকীৰ মৃত্যু হৈছিল নে তাৰ আঁৰত পূৰ্বৰ কোনো স্বাস্থ্যজনিত কাৰণ আছিল, সেয়া মৰণোত্তৰ পৰীক্ষা আৰু চিকিৎসা প্ৰতিবেদনৰ পাছতহে স্পষ্ট হ’ব। জিলা আৰক্ষী অধীক্ষক মাৰ্তণ্ড প্ৰকাশ সিঙে সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিছে আৰু তথ্যৰ ভিত্তিত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us