Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

তিস্তাৰ উত্তাল সোঁতত উটি যোৱা তিনিদিনীয়া হাতীৰ পোৱালিক উদ্ধাৰ মাছমৰীয়াৰ; বন বিভাগৰ সহযোগত মাকৰ কোলালৈ উভতিল সন্তান

Table of Content

তিস্তাৰ উত্তাল জলৰাশিত নিশ্চিত মৃত্যুৰ মুখত পৰা মাত্ৰ তিনি-চাৰিদিনীয়া এটা কণমানি হাতীৰ পোৱালিক নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কৰিলে কেইবাগৰাকীও মানৱদৰদী মাছমৰীয়াই।

নদী পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে পানীৰ তীব্ৰ সোঁতত মাতৃৰ পৰা বিচ্ছিন্ন হৈ উটি গৈছিল পোৱালিটো। নদীৰ জলপ্ৰকল্পৰ বান্ধ পাৰ হৈ মৃত্যুৰ দিশে গতি কৰা অৱস্থাতে স্থানীয় লোকৰ চকুত পৰে দৃশ্যটো। ঠিক সেই সময়তে নিজৰ জীৱন বিপন্ন কৰি নদীত নাও লৈ নামি পৰে স্থানীয় মাছমৰীয়াৰ এটা দল। প্ৰায় চাৰি কিলোমিটাৰ নদীৰ সোঁতত খেদি গৈ অৱশেষত পোৱালিটোক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় তেওঁলোকে।

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে পুৱা প্ৰায় আঠ বজাত গজলডোবা অঞ্চলৰ তিস্তা নৈত পোৱালিটো উটি যোৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। খবৰ পোৱাৰ লগে লগেই অজয় দাস, বাবলু দাস, গোপাল দাস, মিঠু দাস আৰু বিশ্বনাথ দাস নামৰ মাছমৰীয়াসকলে পলম নকৰি নাও মেলি দিয়ে।

দীৰ্ঘ সময়ৰ অক্লান্ত আৰু বিপদসংকুল প্ৰচেষ্টাৰ অন্তত কাঠামবাৰীৰ পঞ্জাববনৰ সমীপত হাতীৰ পোৱালিটোক সোঁতৰ পৰা টানি তুলি নাৱত তুলিবলৈ সক্ষম হয় দলটো। তাৰ পাছতেই খবৰ পাই বন বিভাগৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ পোৱালিটোক নিজৰ তত্ত্বাৱধানলৈ নিয়ে।

উদ্ধাৰৰ পিছত পোৱালিটোক ভ্ৰমণস্থলী ‘ভৰোৰ আলো’ৰ মথাউৰি সংলগ্ন তিস্তাৰ এটা চাপৰিলৈ লৈ যায় বনকৰ্মীসকলে। তাত পূৰ্বৰে পৰা এটা বনৰীয়া হাতীৰ জাকে আশ্ৰয় লৈ আছিল।

চাপৰিত সন্তানৰ চিঞৰ শুনি জাকটোৰ মাজৰ পৰা লৱৰি আহে পোৱালিটোৰ মাক। বহু সময়ৰ বিচ্ছেদ আৰু উৎকণ্ঠাৰ অন্তত তিস্তাৰ পাৰত সন্তান আৰু মাতৃৰ সেই আৱেগিক পুনৰ্মিলনৰ দৃশ্যই প্ৰত্যক্ষদৰ্শী প্ৰতিজন মানুহৰ চকু সেমেকাই তোলে। কিছু সময় পিছতেই কণমানি পোৱালিটোক বুকুত আৱৰি লৈ বাকী হাতীৰ জাকটোৰ সৈতে পুনৰ গভীৰ অৰণ্যৰ মাজলৈ সোমাই যায় মাকজনী।

বন বিভাগৰ বিষয়াসকলে সদৰী কৰা মতে, স্থানীয় মাছমৰীয়াসকলৰ অতুলনীয় সাহস, উপস্থিত বুদ্ধি আৰু তাৎক্ষণিক পদক্ষেপ নাথাকিলহেঁতেন, তেন্তে তীব্ৰ সোঁতত ডুব গৈ এই কণমানি হাতী পোৱালিটোৰ কৰুণ সলিল সমাধি নিশ্চিত আছিল। মাছমৰীয়াকেইজনৰ এই মহানুভৱতা আৰু মানৱীয়তাক এতিয়া সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us