Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পতঞ্জলিৰ ঘিঁউ বিতৰ্কঃ ব্রিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানিৰ গোচৰ বাবা ৰামদেৱৰ

Table of Content

ব্যৱসায়িক বিশ্বাসযোগ্যতা আৰু সুনামহানিৰ প্ৰশ্নক লৈ পুনৰ মুখামুখি অৱস্থানত অৱতীৰ্ণ হ’ল যোগগুৰু বাবা ৰামদেৱ আৰু উত্তৰ প্ৰদেশৰ বিজেপিৰ প্ৰাক্তন সাংসদ ব্রিজভূষণ চৰণ সিং। পতঞ্জলিৰ ঘিঁউৰ গুণগত মানক লৈ সন্দেহ প্ৰকাশ কৰি ইয়াক ভেজাল বুলি ৰাজহুৱা মন্তব্য কৰাৰ অভিযোগ তুলি প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে ৫০ কোটি টকাৰ ক্ষতিপূৰণ দাবীৰে মানহানিৰ মোকৰ্দমা তৰিছে পতঞ্জলি ফুডছ লিমিটেডে।

কোম্পানীটোৰ অভিযোগ অনুসৰি, কৈছৰগঞ্জৰ ছয়বাৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে দীৰ্ঘদিন ধৰি ভিত্তিহীন তথ্যৰে পতঞ্জলিৰ সামগ্ৰীক লক্ষ্য কৰি আহিছে। বজাৰৰ পেকেটৰ ঘিঁউ ব্যৱহাৰ নকৰি ঘৰতে গাই-ম’হ পোহাৰ পৰামৰ্শ দিয়াৰ লগতে পতঞ্জলিৰ দুগ্ধজাত সামগ্ৰীৰ ওপৰতো তেওঁ মুকলিকৈ প্ৰশ্ন তুলিছিল।

এনে অপপ্ৰচাৰমূলক ভাষ্যই শ্বেয়াৰ বজাৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ উপৰিও প্ৰতিষ্ঠানটোৰ বাণিজ্যিক ভাৱমূৰ্তিক আঘাত কৰা বুলি উল্লেখ কৰে কোম্পানীৰ আইনী প্ৰতিনিধিয়ে।

ইপিনে ৫০ কোটি টকীয়া গোচৰৰ জাননী পোৱাৰ পিছতো অৱশ্যে পিছ হোঁহোকা নাই বৃজভূষণ চৰণ সিং। নিজৰ স্থিতিত সম্পূৰ্ণ অটল থাকি তেওঁ কয়, “মই জেললৈ যাবলৈ সাজু আছোঁ, কিন্তু কোনো কাৰণতেই জামিন নিবিচাৰোঁ।”

এই আইনী জাননী পোহৰলৈ অহাৰ লগে লগেই চৰ্চালৈ আহিছে প্ৰাক্তন সাংসদগৰাকীৰ বিপুল সম্পত্তিৰ খতিয়ানো। বিলাসী বাহন, মাৰণাস্ত্ৰ আৰু ঘোঁৰাৰ প্ৰতি বিশেষ আকৰ্ষণ থকা নেতাগৰাকীয়ে ২০১৯ চনৰ নিৰ্বাচনী শপতনামাত পত্নীসহ নিজৰ নামত প্ৰায় ১০ কোটিৰো অধিক মূল্যৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি ঘোষণা কৰিছিল।

দেশৰ আগশাৰীৰ বাণিজ্যিক প্ৰতিষ্ঠান আৰু এগৰাকী শক্তিশালী ৰাজনৈতিক নেতাৰ মাজৰ এই আক্ৰমণ-প্ৰত্যাক্ৰমণে সমগ্ৰ দেশতেই এক নতুন আলোড়নৰ সৃষ্টি কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us