/ Oct 07, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত সোণাপুৰৰ জুবিনক্ষেত্ৰত অনুৰাগীৰ বিশাল সমাৱেশ; সুৰৰ মাজেৰে স্মৰণ

Table of Content

আজি ১৯ ছেপ্টেম্বৰ! এবছৰ পূৰ্বে আজিৰ দিনটোতে ছিংগাপুৰত অসমৰ সূৰ্যক চিৰকালৰ বাবে হেৰুৱাইছিল অসমীয়াই।

কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শনিবাৰে পুৱাৰে পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপচি পৰিল অজস্ৰ গুণমুগ্ধ আৰু অনুৰাগীৰ ভিৰ। সুৰ সম্ৰাটগৰাকীৰ পৱিত্ৰ সমাধিস্থলীত ধূপ-দীপ জ্বলাই আৰু প্ৰাৰ্থনা জনাই সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ চিৰশান্তি কামনা কৰে। জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত তিনিদিনীয়া ‘জুবিন দিৱস’ কাৰ্যসূচীৰ আজি অন্তিম দিন।

দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে অতি পুৱাৰে পৰা সোণাপুৰত অভূতপূৰ্ব জনসমুদ্ৰ দেখিবলৈ পোৱা যায়। হাতে হাতে গামোচা লৈ, প্ৰাণ খুলি নাচি-গাই জুবিনৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি আৱেগিক অনুৰাগীসকলে সোঁৱৰণ কৰে তেওঁলোকৰ হৃদয়ৰ শিল্পীগৰাকীক।

একেদৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত শিল্পীগৰাকীৰ বাসগৃহতো তেওঁৰ আৱক্ষ মূৰ্তিটো ফুলৰ মালাৰে সুশোভিত কৰি এক অস্থায়ী স্মৃতিস্থলী নিৰ্মাণ কৰা হৈছে, য’ত সাধাৰণ ৰাইজে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে।

সমগ্ৰ অসমজুৰি অত্যন্ত গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰা হৈছে এই বিশেষ দিনটো। মঙলদৈত মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফ’ৰাম আৰু প্ৰেছ ক্লাবৰ উদ্যোগত উলিওৱা এক বিশাল শোভাযাত্ৰাত স্থানীয় বিধায়িকা তথা মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ পথত জুবিনৰ ‘মায়াবিনী’ গীতে বতাহ আন্দোলিত কৰি তোলে।

শোভাযাত্ৰাত অংশ লৈ মন্ত্ৰী নীলিমা দেৱীয়ে কয়, “জুবিন দিৱসে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ এবছৰ সম্পূৰ্ণ কৰিলে। এই এটা বছৰত আমি তেওঁৰ এনে বহু গীত শুনিলোঁ, যিবোৰ হয়তো তেওঁ জীৱিত থকাৰ সময়ত আমি শুনা নাছিলোঁ। তেওঁৰ বিয়োগৰ পিছত প্ৰতিটো গীতেই আমাৰ আত্মাক স্পৰ্শ কৰিছে। আমি এই স্মৃতি আৰু এই অনুভৱক সদায় সজীৱ কৰি ৰাখিব লাগিব।”

ইফালে দেৰগাঁৱতো এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়, য’ত বাহনত মাইক বান্ধি জুবিনৰ গীত বজাই সহস্ৰাধিক লোক সমদলত চামিল হয়। আয়োজক সমিতিৰ এগৰাকী সদস্যই জনায় যে আজি দিনজোৰা কাৰ্যসূচীৰ অন্তত সন্ধিয়া ৫,০০০ শিল্পীয়ে একেলগে গীত গাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব। সকলো মতানৈক্য পাহৰি এই পৱিত্ৰ অনুষ্ঠানত আন্তৰিকতাৰে অংশ ল’বলৈ তেওঁ দেৰগাঁৱৰ ৰাইজক আহ্বান জনায়।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us