Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মানসিকভাৱে অসুস্থ যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা! দেৱদূত হৈ ৰক্ষা দুটা বাটৰ কুকুৰৰ

Table of Content

এগৰাকী মানসিকভাৱে অসুস্থ যুৱতীৰ বাবে দেৱদূত হৈ পৰিল দুটা বাটৰ কুকুৰ! মানৱৰূপী পিশাচৰ লালসাৰ চিকাৰ হোৱাৰ পৰা যুৱতীগৰাকীৰ মান-সন্মান ৰক্ষা কৰে এই অবোধ জীৱ দুটাই। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তামিলনাডুৰ কইম্বটুৰৰ এই চাঞ্চল্যকৰ ঘটনাৰ এটা শিহৰণকাৰী দৃশ্য।

কইম্বটুৰৰ টুডিয়াভুৰ অঞ্চলৰ এখন ৰে’লৱে উৰণীয়া সেতুৰ সমীপত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। পথৰ কাষত দিন কটোৱা মানসিকভাৱে অসুস্থ মহিলাগৰাকীৰ কাষলৈ সুৰাৰ নিচাত এজন কিশোৰে আগবাঢ়ি আহে। কাষতে বহি থকা বাটৰ কুকুৰ দুটাক কিশোৰটোৱে শিলগুটি দলিয়াই খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও কুকুৰ দুটাই আঁতৰি নগৈ মহিলাগৰাকীৰ কাষতে সজাগ হৈ থাকি ভুকিবলৈ ধৰে।

ইয়াৰ পাছতেই কিশোৰজনে মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়। মহিলাগৰাকীৰ কান্দোন আৰু আৰ্তনাদ শুনি কুকুৰ দুটাই পলকতে কিশোৰটোৰ ওপৰত জপিয়াই পৰে আৰু তাৰ ভৰিত কামুৰি টানি আঁতৰাই আনে। প্ৰাণৰ ভয়ত অভিযুক্ত কিশোৰজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু এটা কুকুৰে বহু দূৰলৈকে খেদি লৈ যায়। সমগ্ৰ ঘটনাটো সমীপৰ চিচিটিভি কেমেৰাত বন্দী হয়।

অঞ্চলটোৰ আন এটা সাধাৰণ দোকান জ্বলাই দিয়াৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ সময়তে আৰক্ষীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰে। ফুটেজৰ সূত্ৰ ধৰি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত কিশোৰটোক। ইফালে, বিপদৰ সময়ত নিঃস্বার্থভাৱে এগৰাকী অসহায় নাৰীক ৰক্ষা কৰা এই কুকুৰ দুটাৰ বিশ্বস্ততা আৰু সাহসিকতাই বৰ্তমান হৃদয় স্পৰ্শ কৰিছে নেটিজেনৰ।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us