Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

আৰএছএছৰ পদযাত্ৰাত অংশ লৈ নিলম্বিত কৰ্ণাটকৰ দুজন চৰকাৰী শিক্ষক

Table of Content

চৰকাৰী কৰ্মচাৰীৰ আচৰণ বিধি উলংঘা কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যসূচীত অংশ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে কৰ্ণাটকৰ দুজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকক। নিলম্বিত শিক্ষক দুজনক কুপ্পিৰ চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আন্না চাহেব দেশমুখ আৰু হুনচাগিৰ চৰকাৰী বালিকা উচ্চ বিদ্যালয়ৰ গুৰুৰাজ যোশী বুলি চিনাক্ত কৰা হৈছে।

যোৱা বৰ্ষৰ অক্টোবৰ মাহত হুনচাগি আৰু বিজয়াপুৰা জিলাৰ তালিকোটত অনুষ্ঠিত আৰএছএছৰ পথ সঞ্চালনত শিক্ষক দুজনে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে আম্বেদকাৰ স্বাভিমানী সেনা নামৰ সংগঠনটোৰ জিলা সভাপতি জুম্মান্না গুড়িমণিৰ এক অভিযোগৰ ভিত্তিত শিক্ষা বিভাগে দুয়োজন শিক্ষকৰ বিৰুদ্ধে তদন্ত চলায়। তাৰ পিছতে যাদগিৰ জিলাৰ শিক্ষা উপ-সঞ্চালকালয়ে কৰ্ণাটক অসামৰিক সেৱা বিধি উলংঘাৰ অভিযোগত দুয়োগৰাকী শিক্ষকৰ বিৰুদ্ধে নিলম্বনৰ এই নিৰ্দেশনা জাৰি কৰে।

উল্লেখ্য যে, ব্যক্তিগত সংগঠনসমূহে চৰকাৰী সম্পত্তি আৰু বিদ্যালয়ৰ চৌহদ ব্যৱহাৰ কৰাৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ কৰ্ণাটক চৰকাৰে এখন নতুন আইন প্ৰণয়নৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰস্তাৱিত আইনখনৰ অধীনত চৰকাৰী বিদ্যালয়, সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠান বা ৰাজহুৱা খেলপথাৰত কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়ণৰ পূৰ্বে উপযুক্ত কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক হ’ব। এই পদক্ষেপে চৰকাৰী ভূমিত আৰএছএছৰ শাখা বা আন কাৰ্যসূচী পৰিচালনাত প্ৰত্যক্ষ প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us