Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মেঘালয়ত প্ৰত্যাহাৰ ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা

Table of Content

তিনিদিন পূৰ্বে জাৰি কৰা অন্তৱৰ্তীকালীন নিৰ্দেশনা প্ৰত্যাহাৰ কৰি জনপ্ৰিয় ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ বিক্ৰী আৰু বিতৰণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা তৎকালীনভাৱে উঠাই লৈছে মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ে।

এজন ছাত্ৰৰ মৃত্যুক লৈ এই কেফেইনযুক্ত পানীয়টোৰ সৈতে সন্দেহজনক সম্পৰ্ক থকাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে যোৱা ১৪ আগষ্টত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যজুৰি ইয়াৰ মজুতকৰণ আৰু বিক্ৰী বন্ধৰ নিৰ্দেশ দিয়া হৈছিল।

খাদ্য সুৰক্ষা আয়ুক্ত ড০ জোৰাম বেদাই জাৰি কৰা নতুন নিৰ্দেশনাত স্পষ্ট কৰে যে ‘ষ্টিং’ পান কৰাৰ ফলতেই ছাত্ৰজনৰ মৃত্যু হৈছিল বুলি কোনো প্ৰমাণ পোৱা হোৱা নাই। লগতে উৎপাদক প্ৰতিষ্ঠানটোৱে খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ উলংঘা কৰাৰ কোনো তথ্যও তদন্তত পোহৰলৈ অহা নাই।

তুৰাত সম্পন্ন হোৱা তাৎক্ষণিক তদন্তৰ প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পাছত কোনো ধৰণৰ প্ৰত্যক্ষ সংযোগ নোপোৱাত কৰ্তৃপক্ষই এই নিষেধাজ্ঞা বাহাল ৰখাৰ কোনো যুক্তি নাই বুলি সিদ্ধান্ত গ্ৰহণ কৰে। খাদ্য ব্যৱসায়ীসকলক নিয়মীয়া আইন মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে বজাৰত নিয়মীয়া নিৰীক্ষণ অব্যাহত থাকিব বুলি আয়ুক্তালয়ে সদৰী কৰে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us