Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ৰে’লপথত হাতীৰ জাক! সতৰ্কতাৰ বাবে সুৰক্ষিতভাৱে ৰখাই দিয়া হ’ল ৰাজধানী এক্সপ্ৰেছ

Table of Content

এক সম্ভাৱ্য ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এটা বিশাল বন্যহস্তীৰ জাক। ৰে’ল কৰ্তৃপক্ষ আৰু বন বিভাগৰ সতৰ্কতামূলক পদক্ষেপৰ বাবে দ্ৰুতবেগী ৰে’লৰ খুন্দাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে হাতীৰ জাকটো।

হোজাই জিলাৰ হাৱাইপুৰত ৰে’লপথ পাৰ হৈ থকা অৱস্থাত এটি হাতীৰ জাকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন কিছু সময়ৰ বাবে স্তব্ধ কৰি ৰখা হয়। নগাঁও দক্ষিণ বন সংমণ্ডলৰ লংকা বনাঞ্চলৰ অন্তৰ্গত ১৬৭/৮ কিলোমিটাৰ অংশত হাতীৰ জাকটোৱে ৰে’লপথ অতিক্ৰম কৰাৰ সময়তে এই সিদ্ধান্ত লোৱা হয়।

ছ’চিয়েল মিডিয়াত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “বন বিভাগৰ বিষয়া-কৰ্মী, ৰে’লৰ লোকো পাইলট আৰু লামডিং ৰে’ল নিয়ন্ত্ৰণ কক্ষৰ সময়োচিত তৎপৰতাৰ বাবেই হাতীৰ জাকটোৱে কোনো বিপদ নোহোৱাকৈ ৰে’লপথ পাৰ হ’বলৈ সক্ষম হ’ল।”

হাতীৰ জাকটোৱে নিৰাপদে পথ অতিক্ৰম কৰাৰ পিছত ৰাজধানী এক্সপ্ৰেছে পুনৰ গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰে। বনকৰ্মী আৰু ৰে’ল বিভাগৰ এনে সজাগতাই ৰাজ্যত বন্যহস্তীৰ সুৰক্ষাৰ দিশটোক পুনৰবাৰ শক্তিশালী কৰি তুলিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us