Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ৰাজ্যত অব্যাহত বানৰ প্ৰকোপ! মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি, বানাক্ৰান্ত ৩৭ হাজাৰ

Table of Content

এফালে অব্যাহত আছে বৰষুণ, আনফালে দ্ৰুতগতিত বাঢ়িছে অসমত বানৰ প্ৰকোপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পোৱাৰ লগতে বানাক্ৰান্তৰ সংখ্যাও ৩৭ হাজাৰ অতিক্ৰম কৰিছে। বুধবাৰে এই তথ্য প্ৰকাশ কৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ)।

এএছডিএমএই জনায় যে, শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰত বান-সম্পৰ্কীয় আন এক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। নিহত ব্যক্তিজন ১৩ জুলাইৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল। পিছদিনা, অৰ্থাৎ ১৪ জুলাইত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিগত ২৪ ঘণ্টাত বানপানীৰ প্ৰকোপ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলত বানৰ কবলত পৰা লোকৰ সংখ্যাও প্ৰায় চাৰিগুণ বৃদ্ধি পাই ৩৭ হাজাৰৰো অধিক হৈছে।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত বৰ্তমানেও উদ্ধাৰ আৰু সাহায্য বিতৰণ অব্যাহত আছে। পৰিস্থিতিৰ ওপৰত প্ৰশাসনে নিৰন্তৰ নজৰ ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us