কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে তলব কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানক। এই নিৰ্দেশনাৰ পিছতে ইতিমধ্যে বৃহস্পতিবাৰে ইডি কাৰ্যালয়ত হাজিৰ হয় শিখৰ ধাৱান।
এইবাৰ অৱশ্যে বিপদ জয়–বীৰুৰ পৰা অহা নাই, গব্বৰৰ সমুখত এইবাৰ ইডিৰ বিপদ। নিজৰ সুকীয়া শৈলীৰ বাবে ভাৰতীয় ক্ৰিকেটত ‘গব্বৰ’ খ্যাত প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱানক তলব কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। এক গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক তলব কৰিছে। অবৈধ বেটিং এপৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰত ধাৱানৰ নাম সাঙোৰ খাইছে। ইয়াৰ পিছতে ইডিয়ে ধাৱানক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।তথ্য অনুসৰি, শিখৰ ধাৱানে ছ’চিয়েল মিডিয়াত 1xBet (1xBet) নামৰ অনলাইন বেটিং প্লেটফৰ্মৰ প্ৰচাৰ কৰিছিল। এই সন্দৰ্ভতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ধাৱানক কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।








