কৰ্দৈ হৈছে এক উপকাৰী ফল, যাৰ বহু স্বাস্থ্যগত উপকাৰিতা আছে, যেনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰা, ওজন কমাবলৈ সহায় কৰা, হজম শক্তি বৃদ্ধি কৰা, আৰু শৰীৰক পানী যোগান ধৰা। ই এক প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপেও কাম কৰে আৰু তেজ পৰিশোধন কৰাত সহায় কৰে। ইয়াত ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যাৰ বাবে ইয়াক বিভিন্ন ৰোগৰ প্ৰতিৰোধত উপযোগী বুলি ধৰা হয়। গ্ৰাম্য জীৱনত কৰ্দৈ অতি জনপ্ৰিয় টেঙা হিচাপে খোৱা হয়। নিমখ জলকীয়া সানি কেঁচাই খোৱাৰ উপৰি বহুতেই ইয়াৰ ৰান্ধিও খায়।
ইয়াৰ উপকাৰীতা সমূহ জানো আহক:-
যথেষ্ট ফাইবাৰ সমৃদ্ধিশালী হোৱা হেতুকে দেহত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াত থকা ফাইবাৰ সমূহে দেহৰ toxicity হ্ৰাস কৰে যাৰ বাবেই কেঞ্চাৰৰ আশংকা হ্রাস হয়।
ছালৰ ৰোগ চৰাইছিছ আৰু দাৰমাতাইটিছ প্ৰসমনৰ বাবে উপকাৰী। কৰ্দৈত থকা উচ্চগুণমানৰ এন্টী- অক্সিডেন্টৰ বাবে এই লাভ পোৱা যায়।এই ফলৰ ইনফ্লেমেটৰি গুণ আছে যাৰ বাবে ডিঙিৰ খুচখচনী দূৰ কৰা, হাওফাঁওৰ কফ নিঃসৰণ কৰাত সহায় কৰে।
এই ফলৰ চড়িয়াম, পটাচিয়াম এ তেজৰ ইলেক্ট্রলাইটৰ স্থিতি সমতুল কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে, হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰিব পাৰে ফলত দেহত ৰক্ত সঞ্চালন সমতুল হৈ থাকিব। লগতে এই ফলৰ কেলচিয়ামে ৰক্ত পৰিবাঁহী শিৰা ধমনীৰ tension ৰোধ কৰি হাৰ্ট এটাকৰ শংকা দূৰ কৰিব।
কোষ্ঠ্য কাঠিন্য সমস্যা, ডিচেম্বী আদিতো এই ফল খোৱা উপকাৰী।








