Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা

Table of Content

ইণ্ডিগ’ৰ এই বিমানখন নাগপুৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হৈছিল। কিন্তু চৰাইৰ খুন্দাৰ বাবে বিমানখন নাগপুৰতে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্মুখীন হোৱা বিমানখনত মুঠ ২৭২ জন যাত্ৰী আছিল বুলি খবৰ প্ৰকাশ পাইছে।অৱশ্যে চৰাইৰ খুন্দাৰ পিছতে বিমানখনৰ পাইলটে সময়মতে লোৱা তাৎক্ষণিক ব্যৱস্থাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। সম্প্ৰতি বিমানখনৰ সকলো যাত্ৰী তথা কৰ্মচাৰী সুৰক্ষিত আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, চৰাইৰ সৈতে খুন্দা মৰাৰ পিছতে বিমানখনে বতাহতে লৰচৰ কৰিবলৈ ধৰিলে।বিগত ১২ জুনত সংঘটিত হোৱা আহমেদাবাদৰ শোকাৱহ দুৰ্ঘটনা এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। এই হৃদয় বিদাৰক ঘটনাত মৃত্যুক সাবটি লয় ২৬০ জন লোকে। আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ কৰুণ দৃশ্য দেশবাসীৰ মনত স্বাভাৱিকতেই চিৰকাললৈ থাকিব।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us