Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ

Table of Content

ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ভয়াৱহ দুৰ্যোগত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি খবৰ প্ৰকাশ পাইছে।প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ। দেশৰ ভিন্ন প্ৰান্তত শেহতীয়া কিছুদিনৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। ইফালে চুবুৰীয়া দেশ আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পই দেশখনত একপ্ৰকাৰে মৃত্যুলীলা চলাইছে। এইপৰ্যন্ত ভূমিকম্পৰ ফলত আফগানিস্তানত ৮০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ পাইছে। এই ঘটনাই বিশ্বজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। আফগানিস্তানৰ এই হৃদয় বিদাৰক ঘটনাৰ মাজতে প্ৰকৃতিৰ ৰোষত পৰিছে আন এখন দেশ। সোমবাৰে চুডান মুক্তি আন্দোলন/সেনাই জানিবলৈ দিয়া মতে, ভূমিস্খলনৰ ফলত এইপৰ্যন্ত কমেও ১০০০ লোকৰ মৃত্যু হৈছে। ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়।ভূমিস্খলনত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি খবৰ প্ৰকাশ পাইছে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us