Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব

Table of Content

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা। আমেৰিকাৰ সময় অনুসৰি ২৭ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা ভাৰতত এই শুল্ক কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ শুল্ক ৫০% লৈ বৃদ্ধি পাব।ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় ,কৰাৰ পৰিপ্ৰেক্ষিততেই ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰে আমেৰিকাই।কিন্তু, ৩টা চৰ্ত আছে?সামগ্ৰী লোডিঙৰ চৰ্ত: যদি ভাৰতৰ পৰা পঠোৱা সামগ্ৰীসমূহ ২৭ আগষ্ট ২০২৫ তাৰিখৰ দুপৰীয়া ১২:০১ বজাৰ আগতে (আমেৰিকাৰ সময়) জাহাজত ভৰাই আমেৰিকালৈ ৰাওনা হয়, তেন্তে ইয়াৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাথাকিব।

প্ৰৱেশৰ চৰ্ত: যদিহে সামগ্ৰীসমূহ ১৭ ছেপ্টেম্বৰ ২০২৫ (ইডিটি)ৰ দুপৰীয়া ১২:০১ বজাৰ আগতে আমেৰিকাত উপস্থিত হয় বা বিক্ৰীৰ বাবে বজাৰত উপলব্ধ হয়, তেন্তে ইয়াৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাথাকিব।

প্ৰমাণপত্ৰৰ চৰ্ত: ভাৰতে আমেৰিকাৰ শুল্ক বিভাগ (CBP)ৰ আগত প্ৰমাণ কৰিব লাগিব যে সামগ্ৰীসমূহ ইন-ট্ৰেনজিট ৰেহাইৰ অধীনত আহে। ইয়াৰ বাবে তেওঁলোকে নতুন ক’ড HTSUS শিৰোনাম 9903.01.85 ব্যৱহাৰ কৰি ঘোষণা কৰিব লাগিব।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us