Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে

Table of Content

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছিল। এক কথাত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক কেন্দ্ৰ কৰি ক্ৰিকেটপ্ৰেমীৰ মাজত আছিল সন্দেহৰ কলীয়া ডাৱৰ।অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যেই ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা।অৱশেষত এই সকলো সন্দেহ তথা চৰ্চাৰ ওৰ পেলাইছে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে। অহা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগা মেচখনৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে দিছে সেউজ সংকেত। PTIৰ প্ৰতিবেদন অনুসৰি ভাৰত-পাকিস্তানৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত নহ’ব যদিও বহুদেশীয় প্ৰতিযোগিতাত দুয়ো দলৰ মাজত মেচ বন্ধ নহয় বুলি ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us