Trending:
/ Oct 01, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী; প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ এনচিপিআইৰ

Table of Content

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত এক আনুষ্ঠানিক দাবী উত্থাপন কৰিছে নেচনেলিষ্ট চিটিজেনছ পাৰ্টী অৱ ইণ্ডিয়াই (এনচিপিআই)। বিৰোধী দলসমূহে বিশেষ নিবিড় সংশোধনী (এছআইআৰ) আৰু ভোটাৰ তালিকাৰ প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে দলটোৰ এই পদক্ষেপে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত এনচিপিআইৰ ৰাষ্ট্ৰীয় সভাপতি জ্যোতিপ্ৰকাশ চেটাৰ্জীয়ে ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত কুমাৰে প্ৰদৰ্শন কৰা বলিষ্ঠ নেতৃত্বৰ ভূয়সী প্ৰশংসা কৰে। ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি অহা নিৰ্বাচনী হিংসা, ভাবুকি আৰু অনিয়মৰ ইতিহাস থকাৰ পিছতো ২০২৬ চনৰ নিৰ্বাচন সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু বিশ্বাসযোগ্যভাৱে অনুষ্ঠিত কৰাত নিৰ্বাচন আয়োগ সফল হোৱা বুলি তেওঁ উল্লেখ কৰে। কোনো ধৰণৰ ৰক্তপাত বা ৰিগিং নোহোৱাকৈ স্বচ্ছ প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত কৰি ভোটাৰৰ বিশ্বাস ঘূৰাই অনা আৰু অভিলেখসংখ্যক ভোটদান নিশ্চিত কৰাৰ বাবেই এই স্বীকৃতি প্ৰাপ্য বুলি পত্ৰখনত দাবী কৰে দলটোৱে।

এনচিপিআইৰ সভাপতিগৰাকীয়ে পত্ৰখনত কয়, “নিৰ্বাচন আয়োগৰ স্বাধীনতা, নিৰপেক্ষতা আৰু শৃংখলা অক্ষুণ্ণ ৰাখি জ্ঞানেশ কুমাৰে সংবিধানৰ ভেটি আৰু এশ কোটিৰো অধিক নাগৰিকৰ গণতন্ত্ৰৰ প্ৰতি থকা বিশ্বাস সুদৃঢ় কৰিছে। এই অৱদানৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সৰ্বোচ্চ সন্মানৰ বাবে তেওঁৰ নাম ৰাষ্ট্ৰপতিলৈ অনুমোদন জনোৱাটো উচিত, যিয়ে দেশজুৰি সকলো নিৰ্বাচনী বিষয়াক সততাৰে সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব।”

উল্লেখ্য যে, ১৯৯৮ চনৰ কেৰালা কেডাৰৰ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া জ্ঞানেশ কুমাৰে ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত দেশৰ ২৬ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। বিৰোধী ‘ইণ্ডিয়া’ ব্লকে আয়োগৰ বিৰুদ্ধে দেশজুৰি আন্দোলন আৰু সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ এনচিপিআইৰ তৰফৰ পৰা উত্থাপিত এই ‘ভাৰত ৰত্ন’ৰ দাবীয়ে সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন বিতৰ্কৰ সূচনা কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us