Trending:
/ Oct 01, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

কনভয়ৰ বাবে এম্বুলেন্স ৰখাই দিয়া কাণ্ডত ৰোগী আৰু পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ; চাৰিজন আৰক্ষীক তাৎক্ষণিক নিলম্বন

Table of Content

জৰুৰী চিকিৎসাৰ প্ৰয়োজনত থকা এখন এম্বুলেন্স ভিআইপি কনভয়ৰ বাবে ৰখাই দিয়াৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিলচৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক অগ্ৰাধিকাৰ দিবলৈ গৈ এখন এম্বুলেন্স আবদ্ধ কৰি ৰখাৰ ঘটনাত বুধবাৰে ৰোগীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ ওচৰত আনুষ্ঠানিকভাৱে ক্ষমা প্ৰাৰ্থনা জনায় মুখ্যমন্ত্ৰীয়ে। ইয়াৰ সমান্তৰালকৈ কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত ঘটনাৰ সৈতে জড়িত চাৰিজন আৰক্ষী কৰ্মীক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।

সামাজিক মাধ্যম এক্সত এক বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই কাৰ্যক গৰিহণা দি কয়, “জৰুৰী চিকিৎসা সেৱাৰ প্ৰয়োজনত থকা এটা জীৱনতকৈ কোনো মুখ্যমন্ত্ৰীৰ বাহনৰ পথ কেতিয়াও অগ্ৰাধিকাৰ পাব নোৱাৰে।” সাধাৰণ নাগৰিকৰ যাতায়াতত যাতে ভিআইপি চলাচলৰ বাবে কোনো ব্যাঘাত নজন্মে, তাৰ বাবে বাৰে বাৰে প্ৰশাসনক নিৰ্দেশ দিয়াৰ পিছতো এই নিয়ম উলংঘন হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গ্ৰহণযোগ্য নহয় বুলি তেওঁ উল্লেখ কৰে।

ঘটনাটোৰ এক উচ্চপৰ্যায়ৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এইয়া এক স্পষ্ট সতৰ্কবাণী হওকঃ মুখ্যমন্ত্ৰীৰ কনভয় সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা সম্পূৰ্ণৰূপে আখৰে আখৰে পালন কৰিব লাগিব। ইয়াৰ অন্যথা কৰা যিকোনো ব্যক্তিয়েই কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব।”

বিভাগীয় তদন্ত শেষ নোহোৱালৈকে অভিযুক্ত চাৰিগৰাকী আৰক্ষী কৰ্মীকে নিলম্বিত অৱস্থাত ৰখা হ’ব বুলি আনুষ্ঠানিক নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে। কনভয় চলাচলৰ সময়ত যাতে ৰাইজৰ কোনো অসুবিধা নহয়, তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ডিএছপিসকলকো সতৰ্ক কৰি দিয়া হৈছে। চৰকাৰী নিয়ম অনুসৰি যিকোনো পৰিস্থিতিতে জৰুৰীকালীন বাহনসমূহক পথ এৰি দিয়াটো বাধ্যতামূলক আৰু তদন্তৰ অন্তত দোষীৰ বিৰুদ্ধে চূড়ান্ত শাস্তি নিৰ্ধাৰণ কৰা হ’ব বুলি চৰকাৰী পক্ষই সদৰী কৰে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us