Trending:
/ Oct 01, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এছিয়ান গেমছৰ ফাইনেলত লাভলীনা বৰগোহাঁই; বিশ্ব চেম্পিয়নক হৰুৱাই নিশ্চিত কৰিলে ৰূপৰ পদক

Table of Content

পুনৰ এবাৰ বিশ্বৰ মঞ্চত উজ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। জাপানৰ আইচিত চলি থকা বিংশতিতম এছিয়ান গেমছত আজি ভাৰতীয় বক্সাৰগৰাকীয়ে কাজাখস্তানৰ নাটালিয়া বগদানোভাক পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰে। এক শ্বাসৰুদ্ধকৰ ছেমিফাইনেলত চলিত বৰ্ষৰ ৭০ কেজি শাখাৰ বিশ্ব চেম্পিয়ন নাটালিয়াক ৩-২ ব্যৱধানত পৰাভূত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়াডৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ লগতে দেশৰ বাবে কমেও এটা ৰূপৰ পদক সুনিশ্চিত কৰে অসমৰ খেলুৱৈগৰাকীয়ে।

প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত কাজাখ বক্সাৰগৰাকীয়ে তীব্ৰ আক্ৰমণাত্মক আৰম্ভণি কৰি ৰাউণ্ডটো নিজৰ দখললৈ আনে। তাৰ পিছতেই দ্বিতীয় ৰাউণ্ডত দেখিবলৈ পোৱা গ’ল অলিম্পিক পদক বিজয়ী লাভলীনাৰ এক অপ্ৰতিৰোধ্য প্ৰত্যাৱৰ্তন। ভাৰতীয় তাৰকাগৰাকীয়ে খেলখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনি দ্বিতীয় ৰাউণ্ডত বিচাৰকসকলৰ পৰা ৫-০ ব্যৱধানৰ এক সৰ্বসন্মত জয় লাভ কৰে।

নিৰ্ণায়ক তৃতীয় ৰাউণ্ডটোত দুয়োগৰাকী বক্সাৰে শেষ মুহূৰ্তলৈকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ৰাউণ্ডটোৰ শেষত কাজাখ প্ৰতিদ্বন্দ্বীয়ে সামান্য অগ্ৰগতি লাভ কৰে যদিও তিনিটা ৰাউণ্ডৰ সামগ্ৰিক প্ৰদৰ্শনৰ ভিত্তিত বিচাৰকসকলে লাভলীনাক ৩-২ ব্যৱধানত বিজয়ী ঘোষণা কৰে।

সোণৰ পদকৰ লক্ষ্যৰে অনুষ্ঠিত হ’বলগীয়া ফাইনেলত লাভলীনাই মুখামুখি হ’ব চীনৰ তাৰকা বক্সাৰ বাও জিয়ীৰ। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত এছিয়ান বক্সিং এলিট চেম্পিয়নশ্বিপত ৭৫ কেজি শাখাত স্বৰ্ণ পদক জয় কৰিছিল চীনা প্ৰতিদ্বন্দ্বীগৰাকীয়ে। এই কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰি লাভলীনাই দেশলৈ ঐতিহাসিক সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি এতিয়া আশাবাদী সমগ্ৰ দেশৰ ক্ৰীড়াপ্ৰেমী।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us