Trending:
/ Oct 02, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মণিপুৰত এনআইএৰ অভিযানত তিনি উগ্ৰপন্থী গ্ৰেপ্তাৰ; আইইডি বিস্ফোৰণ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কনভয় আক্ৰমণৰ সৈতে জড়িতৰ সন্দেহ

Table of Content

উগ্ৰপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে মণিপুৰত পুনৰ তিনিজন সন্দেহযুক্ত উগ্ৰপন্থীক আটক কৰে। ২০২৪ চনৰ দুটা পৃথক হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে এই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই ঘটনাসমূহৰ ভিতৰত ২০২৪ চনৰ এপ্ৰিল মাহত সংঘটিত এক মাৰাত্মক আইইডি বিস্ফোৰণ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ কনভয়ক লক্ষ্য কৰি চলোৱা সশস্ত্ৰ আক্ৰমণৰ গোচৰ অন্যতম।

প্ৰথমটো গোচৰত এনআইএই যোৱা ২৫ ছেপ্টেম্বৰত বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবীত সংঘটিত আইইডি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত ৪৮ বছৰীয়া থাংমাং হাওকিপ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ২০২৪ চনৰ ৭ এপ্ৰিলত কাষৰীয়া পাহাৰৰ পৰা ৰিম’টৰ সহায়ত সংঘটিত কৰা এই ভয়ংকৰ বিস্ফোৰণটোত একেটা পৰিয়ালৰ দুটা নিৰীহ শিশু নিহত হোৱাৰ লগতে আন এজন সদস্য গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে, যোৱা আগষ্ট মাহত এই একেটা গোচৰতে এছ পালাল থাডো কুকি নামৰ আন এজন ব্যক্তিক আটক কৰিছিল এনআইএয়ে। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা হাওকিপক ইম্ফলৰ বিশেষ আদালতে ১২ দিনৰ বাবে আৰক্ষী জিম্মাত প্ৰেৰণ কৰে।

আনহাতে দ্বিতীয়টো ঘটনাত, ২০২৪ চনৰ ১০ জুনত কাংপকপি জিলাত মণিপুৰৰ তৎকালীন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ কনভয়ৰ ওপৰত হোৱা সশস্ত্ৰ আক্ৰমণৰ গোচৰত ৪৪ বছৰীয়া জাংমিনলুন ছিংছন আৰু ২১ বছৰীয়া থাংজোৱেল হাওকিপক আটক কৰে তদন্তকাৰী সংস্থাই। এই দুগৰাকী অভিযুক্তক আটক কৰাৰ লগে লগে কনভয় আক্ৰমণৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে।

উগ্ৰপন্থীৰ এই বৃহৎ নেটৱৰ্কৰ সৈতে আন কোনো ব্যক্তি সক্ৰিয়ভাৱে জড়িত আছে নেকি, সেই দিশৰ পুংখানুপুংখ তথ্য উদ্ঘাটনৰ বাবে এনআইএই দুয়োটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us