Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম

Table of Content

ৰাজহুৱা বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানৰ জয়পুৰত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ল ‘ককৰোচ জনতা পাৰ্টী’ৰ কৰ্মী-সমৰ্থক। জয়পুৰৰ বগৰু অঞ্চলৰ অন্তৰ্গত ৰামপুৰা কঁৱৰপুৰাত দলটোৰ প্ৰতিনিধি দলটোক স্থানীয় লোক আৰু একাংশ দুৰ্বৃত্তই খেদি খেদি প্ৰহাৰ কৰাৰ লগতে বাহনসমূহত ব্যাপক আক্ৰমণ চলায়। আনহাতে, শাসকীয় দল বিজেপিৰ আশীৰ্বাদপুষ্ট দুৰ্বৃত্তইহে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে চিজেপিৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাই।

ঘটনাক কেন্দ্ৰ কৰি দলটোৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাই প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰি কয়, “আমি ৰামপুৰা কঁৱৰপুৰাৰ বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ। বিগত কেইবাবছৰ ধৰি সেই বিদ্যালয়খন ম’হৰ গোহালিত চলি আছে। আমি যোৱাৰ পূৰ্বেই তাত বিজেপিৰ গুণ্ডা উপস্থিত আছিল আৰু আমাৰ স্বেচ্ছাসেৱকসকলক মাৰপিট কৰে। আমি আৰক্ষীক পূৰ্বেই অৱগত কৰিছিলোঁ যদিও আমাৰ বাহনৰ গ্লাছ ভাঙি চূৰমাৰ কৰা হ’ল।”

চিজেপি নেতৃত্বই জনোৱা অনুসৰি, আক্ৰমণকাৰীসকলে গাড়ীৰ টিউবত শিল ভৰাই আনি মাৰপিট চলাইছিল। এই হিংসাত্মক ঘটনাত দলটোৰ মহিলা কৰ্মীসকলক অভব্য ব্যৱহাৰ আৰু প্ৰহাৰ কৰাৰ উপৰি এজন স্বেচ্ছাসেৱকৰ হাত ভাঙি দিয়া হয় বুলিও তেওঁলোকে অভিযোগ কৰে। ঘটনাৰ সময়ত উপস্থিত থকা আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ তুলি ৰাংকাই কয় যে আৰক্ষীয়ে দুৰ্বৃত্তক ৰোধ কৰাৰ পৰিৱৰ্তে হাত দাঙি এয়া দলটোৰ নিজা সমস্যা বুলি দায় সাৰিবলৈ চেষ্টা কৰে।

ৰাজ্যখনৰ শিক্ষামন্ত্ৰী মদন দিলাৱৰৰ নিৰ্দেশতে এই আক্ৰমণ পূৰ্বপৰিকল্পিতভাৱে কৰা বুলি দাবী কৰি চিজেপিয়ে প্ৰশাসনক স্পষ্ট সকীয়নি প্ৰদান কৰে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীক কঠোৰ সকীয়নি দি আশুতোষ ৰাংকাই কয়, “শিক্ষামন্ত্ৰী মদন দিলাৱৰক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে; এই সময়ৰ ভিতৰত আক্ৰমণকাৰী গুণ্ডাসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। অন্যথা সমগ্ৰ ৰাজস্থানজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব আৰু এইবাৰ কেৱল বিদ্যালয়ৰ সমস্যাই নহয়, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।” ঘটনাটোক লৈ জয়পুৰ তথা সমগ্ৰ ৰাজ্যখনৰ ৰাজনৈতিক মহলত বৰ্তমানেও তীব্ৰ উত্তেজনা অব্যাহত আছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us