অসমীয়া সংগীতৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে অসম সাহিত্য সভাই। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অসাধাৰণ সংগীত সাধনাৰ স্বীকৃতি স্বৰূপে তেওঁলৈ মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি আগবঢ়োৱাৰ লগতে তেওঁৰ ৰচনা কৰা সকলো গীতক ‘জুবিন সংগীত’ হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত নাহৰ শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত অনুষ্ঠানত এই ঘোষণা কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত গোস্বামীয়ে।
ড০ গোস্বামীয়ে জানিবলৈ দিয়ে যে, জুবিন গাৰ্গৰ সকলো গীত এতিয়াৰ পৰা ‘জুবিন সংগীত’ হিচাপে পৰিচিত হ’ব। একে সময়তে অহা ছয় মাহৰ ভিতৰত ‘জুবিন গাৰ্গ ৰচনাৱলী’ প্ৰকাশৰ ব্যৱস্থাও সাহিত্য সভাই গ্ৰহণ কৰিছে।
ড০ বসন্ত গোস্বামীয়ে কয়, “অসমীয়া সংগীত, সাহিত্য আৰু সংস্কৃতিলৈ জুবিন গাৰ্গৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাই তেওঁক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধিৰে সন্মানিত কৰিছে।’’
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড০ পালমী বৰঠাকুৰে পৰিয়ালৰ হৈ এই সন্মান গ্ৰহণ কৰে। অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে তেওঁৰ পিতৃ কপিল ঠাকুৰ।
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত গণেশগুৰি শাখা সাহিত্য সভাৰ শিল্পীসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী…’ গীত পৰিৱেশন কৰে।
মুখ্য ভাষণত সাহিত্য সভাৰ মুখ্য সচিব দেৱজিৎ বৰাই উল্লেখ কৰে যে, জুবিন গাৰ্গ কেৱল এজন সফল গায়ক নাছিল, অসমীয়া সংগীতক নতুন যুগলৈ আগুৱাই নিয়াৰ পথপ্ৰদৰ্শক আছিল। তিনিটা দশক ধৰি তেওঁৰ সৃষ্টিশীলতাই অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে আৰু আধুনিক অসমীয়া সংগীতক ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।
সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই মন্তব্য কৰে, “এই সন্মান লাভ কৰি জুবিন গাৰ্গ নিজেও গৌৰৱ অনুভৱ কৰিলেহেঁতেন। শিল্পী হিচাপে তেওঁৰ আত্মা আৰু সৃষ্টি চিৰদিন অসমীয়াৰ মাজত জীয়াই থাকিব।”
অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গে প্ৰফুল্ল বৰ্মনে সংকলন আৰু সম্পাদনা কৰা ‘জুবিন গাৰ্গ’ শীৰ্ষক গ্ৰন্থও উন্মোচন কৰে।








