ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক খেদিবলৈ এফালৰ পৰা চলাই গৈছে বুলড’জাৰ।
বনবিভাগ আৰু প্ৰশাসনে গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে গছপুলি ৰোপণ। ১৩৮ হেক্টৰ ভূমিত ৩ লাখ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷
এই গছপুলি ৰোপণৰ জৰিয়তে অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে অঞ্চলটো সেউজীয়া কৰি প্ৰদুষণমুক্ত অঞ্চল হিচাবে গঢ়ি তুলিব বন বিভাগে।








