Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে

Table of Content

২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। এই বিধেয়কখন ২০২৫ চনৰ এপ্ৰিল মাহত সংসদত গৃহীত হৈছিল আৰু এতিয়া ইয়াৰ অধিসূচনা মন্ত্ৰালয়ে জাৰি কৰিছে।নতুন নিয়মৰ অধীনত ব্যুৰো অৱ ইমিগ্ৰেচনক আৰু অধিক ক্ষমতা প্ৰদান কৰা হৈছে, যাতে ই বিদেশী নাগৰিকৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ অধিক ফলপ্ৰসূভাৱে কৰিব পাৰে। গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে, এই নিয়মসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব, যাতে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইনী ব্যৱস্থা সুদৃঢ় কৰিব পৰা যায়। এই নতুন নিয়ম অনুসৰি যদি কোনো বিদেশী নাগৰিকে নিয়ম উলংঘা কৰি ভাৰতত প্ৰৱেশ কৰে, তেন্তে ব্যুৰো অৱ ইমিগ্ৰেচনে তেওঁক বিতাড়িত কৰাৰ সাংবিধানিক অধিকাৰ লাভ কৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰিব। ইয়াৰ বাহিৰেও যদি কোনো প্ৰতিষ্ঠান, যেনে হোটেল, শিক্ষানুষ্ঠান বা আন কোনো স্থানত কোনো অবৈধ কাৰ্যকলাপৰ অধীনত কোনো বিদেশী নাগৰিকৰ উপস্থিতি পোৱা যায়, তেন্তে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পঞ্জীয়ন বাতিল কৰা হ’ব।যদি কোনো ব্যক্তিয়ে ভুৱা পাছপ’ৰ্ট, ভিছা বা আন কোনো নথি-পত্ৰ ব্যৱহাৰ কৰি দেশত থাকিবলৈ বা দেশৰ বাহিৰলৈ যায়, তেন্তে তেওঁক নূন্যতম দুবছৰৰ শাস্তি দিয়া হ’ব। আৰু একৰ পৰা দহ লাখ টকাৰ জৰিমনাও আৰোপ কৰিব পাৰে। ভাৰতত অবৈধভাৱে বসবাস কৰা সেইসকল বিদেশী নাগৰিকক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এই বিধেয়কখন সংসদলৈ অনা হৈছিল।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us