বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ মাণ্ডালয়ত। অৰ্থাৎ ঢাকাৰ পৰা ৫৯৭ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।এক প্ৰবল ভূমিকম্পই জোকাৰি তুলিছে ম্যানমাৰ আৰু বাংলাদেশ। ম্যানমাৰত সৃষ্টি হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই ঢাকা আৰু চট্টগামকে ধৰি বাংলাদেশৰ কিছু কিছু অংশ কঁপাই তোলে। বাংলাদেশৰ লগতে অসমৰ চুবুৰীয়া মেঘালয়ত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। অৱশ্যে এই পৰ্যন্ত ভূমিকম্পৰ ফলত কোনো লোক ক্ষতিৰ খবৰ পোৱা নাই। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ মাণ্ডালয়ত।








