আগতীয়াকৈ কোনো জাননী নিদিয়াকৈয়ে নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি দিয়া হৈছে । ফলত সৰুপথাৰৰ দৈয়াং নদীৰ পাৰৰ বহু অঞ্চল ভদীয়া বানৰ কবলত পৰিছে । জিলাখনৰ ৫৬ খন গাঁৱৰ লগতে সৰুপথাৰৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ সংহাৰী ৰূপ ।
১৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজালৈকে জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাটৰ মুঠ পাঁচটা ৰাজহ চক্ৰ এই বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । সদ্যহতে জিলাখনৰ মুঠ ৫৬খন গাঁও বানাক্ৰান্ত হৈছে । বানৰ কবলত পৰিছে ৪৫৪৮ গৰাকী লোক। বানপীড়িত লোকসকলৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ১৫টা আশ্ৰয় শিবিৰৰ ব্য়ৱস্থা কৰিছে ।








