Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই

Table of Content

ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল। ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই।এতিয়া চিৰদিনৰ বাবে ২২ গজৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পূজাৰাই সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। এইদৰে সুদীৰ্ঘ ২০ বছৰীয়া বৰ্ণিল ক্ৰিকেট কেৰিয়াৰৰ সামৰণি মাৰে চেটেশ্বৰ পূজাৰাই। এই দুই দশকজোৰা কেৰিয়াৰত পূজাৰাই ১৩ বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো নিজৰ প্ৰতিভাৰে সকলোকে মুগ্ধ কৰি ৰাখে।ইনষ্টাগ্ৰামত নিজৰ অৱসৰৰ সিদ্ধান্ত সদৰী কৰি পূজাৰাই কয়, “ভাৰতৰ জাৰ্চি পিন্ধি, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আওৰাই আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিলেই নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ আবেগ, এই সকলোবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। মোৰ বাবে সেই সকলোবোৰ গুৰুত্বপূৰ্ণ। কিন্তু, প্ৰতিটো ভাল কামৰে অন্ত থাকে। মইও সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো।”

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us