Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এই প্ৰতিবেদনৰ জৰিয়তে জানিম চিয়া বীজৰ উপকাৰিতা, অপকাৰিতা

Table of Content

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী বুলি গণ্য কৰা হয় । কিন্তু, ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতিৰ বিষয়েও জনাটো অতি গুৰুত্বপূৰ্ণ । যদি সঠিক ইয়াক সেৱন কৰা নহয় তেন্তে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিম চিয়া বীজৰ উপকাৰিতা, অপকাৰিতা তথা ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতি…বৰ্তমান স্বাস্থ্য সচেতন লোকৰ মাজত Chia Seeds অতি জনপ্ৰিয় । ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড, প্ৰটিন, এন্টিঅক্সিডেন্ট, জিংক, আইৰণ, মেগনেছিয়াম আৰু বিভিন্ন ভিটামিন থাকে। যিবোৰে শৰীৰৰ লগতে চুলিৰ স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিয়মিতভাৱে Chia Seeds খোৱাটো যেনেকৈ উপকাৰী, তেনেকৈ চুলিত লগালে চুলি মজবুত হোৱাই নহয়, ইয়াৰ জিলিকনিও বৃদ্ধি পায়। চুলিৰ বাবে Chia Seedsৰ আন কি কি উপকাৰ আছে জানি লওক।চিয়া বীজে পুষ্টিকৰ উপাদানৰ বাবে বহু স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে বুলি জনা যায় । চিয়া বীজ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী । চিয়া বীজ খোৱাৰ কিছুমান প্ৰধান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল-চুলি সৰা ৰোধ কৰে – Chia Seedsত থকা ওমেগা-৩ ফেটি এচিডে মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলি সৰা কমি যায়।
চুলি ঘন কৰে – প্ৰটিন সমৃদ্ধ চিয়া গুটিয়ে চুলিৰ শিপা শক্তিশালী কৰে আৰু নতুন চুলিৰ বৃদ্ধিত সহায় কৰে।চিয়া বীজত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে ইহঁতৰ যিকোনো ধৰণৰ খাদ্য সহজে হজম কৰাৰ হয় । খাদ্য খোৱাৰ পিচত ইয়াক গ্ৰহণ কৰাটো হজম শক্তিৰ বাবে অতি উপকাৰী । ইয়াৰ লগতে অন্ত্ৰৰ প্ৰদাহ, কোষ্ঠকাঠিন্য আদি অন্ত্ৰৰ সমস্যা নিৰাময় কৰে । চিয়া গুটি খোৱাৰ পিচত জেলেটিন সদৃশ পদাৰ্থ তৈয়াৰ কৰা হয় ।চিয়া বীজত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে । সেইবাবেই ইয়াক ব্যৱহাৰ কৰাৰ পিচতো মানুহ ফিট হৈ থাকে, আৰু বেছি ভাগৰুৱা অনুভৱ নোহোৱাকৈয়ে দিনটোৰ কামবোৰ কৰিব পাৰে । ইয়াত থকা খনিজ পদাৰ্থ আৰু ভিটামিনে আমাক কাম কৰাৰ শক্তি প্ৰদান কৰে ।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us